Posts

Gauhati University Wikipedia Education Initiative ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ পদক্ষেপ

Image
প্ৰস্তাৱনা ডিজিটেল যুগত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পৰিসৰ কেৱল শ্ৰেণীকোঠা, পাঠ্যপুথি আৰু পৰীক্ষাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। বৰ্তমান সময়ত জ্ঞান আহৰণৰ লগতে জ্ঞানৰ সৃষ্টি, সম্পাদনা, সংৰক্ষণ আৰু সমাজৰ বৃহত্তৰ অংশৰ মাজলৈ এই জ্ঞান মুক্তভাৱে প্ৰসাৰিত কৰাৰ দক্ষতাও আজিৰ শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ (Department of Modern Indian Languages and Literary Studies—MIL&LS)  শিক্ষাৰ্থীসকলক Wikimedia-ৰ বিভিন্ন প্ৰকল্পৰ সৈতে ব্যৱহাৰিকভাৱে জড়িত কৰোৱাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তদুপৰি ব্লগ বা অন্যান্য নব্য মাধ্যমসমূহৰ জৰিয়তেও ভাষা-সাহিত্য-সংস্কৃতিৰ সমলবোৰ সংৰক্ষণ কৰা এই প্ৰকল্পৰ আন এক উদ্দেশ্য প্ৰথম পৰ্যায়ত বিভাগৰ পৰা এই কামটো আৰম্ভ কৰা হৈছে যদিও ইয়াৰ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ পৰা সামূহিকভাৱেই এই কামটো আগুৱাই নিয়াৰ যত্ন কৰা হ’ব৷ আমাৰ এই উদ্যোগটোৰ নাম দিয়া হৈছে-  Gauhati University Wikipedia Education Initiative । উদ্যোগটোৰ মূল লক্ষ্য হৈছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক Wikipedia, Wiki...

Patra-Spandan | হেঁপাহৰ চিঠিখন

Image
Patra-Spandan | হেঁপাহৰ চিঠিখন Where words carry emotions, and letters become timeless connections… celebrating the beauty of handwritten expression and cultural heritage through Patra-Spandan — a unique initiative blending tradition with creativity. Date: 19 June 2026 Time: 4:00 PM Venue: Kamini-Kanchan Cafe, GU HPO An initiative by Department of Posts, Assam Circle in collaboration with Department of MIL & LS, Gauhati University

ভূপেন্দ্ৰ ভূৱনঃ শতবৰ্ষৰ সোঁৱৰণ

Image
 ভূপেন্দ্ৰ ভূৱনঃ শতবৰ্ষৰ সোঁৱৰণ শীৰ্ষক দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ বিৱৰণ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ গৱেষক ফ’ৰাম আৰু বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ যুটীয়া উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে “ভূপেন্দ্ৰ ভুৱনঃ শতবৰ্ষৰ সোঁৱৰণ” শীৰ্ষক বৰ্ণাঢ্য সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটি ২৭ আৰু ২৮ মাৰ্চ ২০২৬ তাৰিখে বিভাগৰ সভাকক্ষ (দ্বিতীয় মহলা)ত অনুষ্ঠিত হয়। এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সবিশেষ তলত উল্লেখ কৰা হ’ল- নিমন্ত্ৰণী পত্ৰ ২৭ মাৰ্চ তাৰিখে পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয় সংগীত আৰু ৯টা ভাষাত ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক সংগীত পৰিৱেশন কৰাৰ পিছত বন্তি প্ৰজ্বলন কৰে আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অৱসৰী অধ্যাপক মুকুল চক্ৰৱৰ্তীয়ে৷  উক্ত অনুষ্ঠানত বিভাগীয় প্ৰধান অধ্যাপক অনুৰাধা শৰ্মাই আদৰণী ভাষণ আগবঢ়ায়। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় শৈক্ষিক পঞ্জীয়ক ৰাজীৱ সন্দিকৈয়ে ‘ভূপেন হাজৰিকাৰ জীৱন-যাত্ৰা’ শীৰ্ষক স্মৰণিকা উন্মোচন কৰে আৰু বিশিষ্ট অতিথি হিচ...