Gauhati University Wikipedia Education Initiative ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ পদক্ষেপ


প্ৰস্তাৱনা
ডিজিটেল যুগত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পৰিসৰ কেৱল শ্ৰেণীকোঠা, পাঠ্যপুথি আৰু পৰীক্ষাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। বৰ্তমান সময়ত জ্ঞান আহৰণৰ লগতে জ্ঞানৰ সৃষ্টি, সম্পাদনা, সংৰক্ষণ আৰু সমাজৰ বৃহত্তৰ অংশৰ মাজলৈ এই জ্ঞান মুক্তভাৱে প্ৰসাৰিত কৰাৰ দক্ষতাও আজিৰ শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ (Department of Modern Indian Languages and Literary Studies—MIL&LS)  শিক্ষাৰ্থীসকলক Wikimedia-ৰ বিভিন্ন প্ৰকল্পৰ সৈতে ব্যৱহাৰিকভাৱে জড়িত কৰোৱাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তদুপৰি ব্লগ বা অন্যান্য নব্য মাধ্যমসমূহৰ জৰিয়তেও ভাষা-সাহিত্য-সংস্কৃতিৰ সমলবোৰ সংৰক্ষণ কৰা এই প্ৰকল্পৰ আন এক উদ্দেশ্য প্ৰথম পৰ্যায়ত বিভাগৰ পৰা এই কামটো আৰম্ভ কৰা হৈছে যদিও ইয়াৰ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ পৰা সামূহিকভাৱেই এই কামটো আগুৱাই নিয়াৰ যত্ন কৰা হ’ব৷

আমাৰ এই উদ্যোগটোৰ নাম দিয়া হৈছে- Gauhati University Wikipedia Education Initiative। উদ্যোগটোৰ মূল লক্ষ্য হৈছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক Wikipedia, Wikimedia Commons, Wikisource, Wikidata আদি মুক্ত জ্ঞানৰ প্লেটফৰ্মৰ সৈতে পৰিচিত কৰোৱাৰ লগতে গৱেষণা, তথ্য-অনুসন্ধান, সমল সৃষ্টি, সম্পাদনা, তথ্যসূত্ৰ ব্যৱহাৰ, ডিজিটেল সংৰক্ষণৰ অভিজ্ঞতা প্ৰদান কৰা। এই উদ্যোগটোৰ নেতৃত্বত আছে আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ আৰু সমন্বয়ক হিচাপে দায়িত্বত আছে- বিভাগৰ সহকাৰী অধ্যাপক ড° ভাস্কৰ ভূঞা৷

শ্ৰেণীকোঠাৰ শিক্ষা ব্যৱস্থাৰ সৈতে ৱিকিমিডিয়া প্ৰকল্পৰ সংযোগ
এই উদ্যোগটোৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে—ৱিকিমিডিয়াৰ কাম-কাজক কেৱল এক অতিৰিক্ত কাৰ্যকলাপ হিচাপে নলৈ ইয়াক স্নাতকোত্তৰ মহলাৰ শিক্ষা ব্যৱস্থাৰ এটি অংশ ৰূপে postgraduate academic learning-ৰ সৈতে সংযোগ কৰা হৈছে। বিভাগটোৰ তিনিখন postgraduate examination paper-ৰ সৈতে Wikimedia-ৰ প্ৰকল্পসমূহৰ ব্যৱহাৰিক কামকাজ সংযুক্ত কৰা হৈছে। ফলত শিক্ষাৰ্থীসকলে Wikimedia সম্পৰ্কে কেৱল তাত্ত্বিক জ্ঞান লাভ কৰাই নহয়, বাস্তৱ অৰ্থতেই বিভিন্ন Wikimedia platformত কাম কৰাৰ সুযোগ লাভ কৰিছে।

এনে ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে কোনো এটা বিষয় নিৰ্বাচন কৰি বিশ্বাসযোগ্য তথ্যসূত্ৰ বিচৰা, তথ্য পৰীক্ষা কৰা, সমল প্ৰস্তুত কৰা, citation আৰু reference সংযোজন কৰা, Wikipedia-ত সম্পাদনা কৰা, মুক্ত অনুজ্ঞাপত্ৰ (free licensing) সম্পৰ্কে জ্ঞান আহৰণ কৰা আৰু নিজৰ কামৰ documentation কৰাৰ দৰে দক্ষতা আয়ত্ত কৰাৰ সুযোগ লাভ কৰিছে।

বিশেষকৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস আৰু সমাজৰ সৈতে জড়িত বহু বিষয় এতিয়াও ডিজিটেল জগতত পৰ্যাপ্তভাৱে নথিভুক্ত হোৱা নাই। সেয়েহে এই উদ্যোগটোৱে শিক্ষাৰ্থীসকলৰ শৈক্ষিক জ্ঞানক মুক্ত ডিজিটেল জ্ঞান-ভাণ্ডাৰৰ সৈতে সংযোগ কৰাৰ সুবিধা প্ৰদান কৰিছে৷

Wikimedia-ৰ বিভিন্ন প্ৰকল্পত শিক্ষাৰ্থীৰ অংশগ্ৰহণ
এই প্ৰকল্পৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ আগ্ৰহ আৰু ইচ্ছা অনুসৰি ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত কাম কৰিব পাৰিব৷ ইয়াৰ ভিতৰত Wikipedia-ত নতুন প্ৰবন্ধ সৃষ্টি আৰু পুৰণি প্ৰবন্ধ উন্নত কৰা, নিৰ্ভৰযোগ্য তথ্যসূত্ৰ সংযোজন কৰা, Wikimedia Commons-ত মুক্ত অনুজ্ঞাপত্ৰযুক্ত ছবি আৰু অন্যান্য media সংৰক্ষণ কৰা, Wikisource-ত পুৰণি গ্ৰন্থৰ digitisation আৰু proofreading কৰা, আৰু Wikidata-ৰ structured knowledge-ৰ সৈতে পৰিচিত হোৱাৰ সুবিধা লাভ কৰিছে৷

ব্লগ
ৱিকিমিডিয়াৰ উপৰি আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শিক্ষাৰ্থীসকলক নিজৰ নামত ব্যক্তিগত ব্লগ সৃষ্টি কৰি নিয়মীয়াকৈ লিখা-মেলা কৰিবলৈ উৎসাহিত কৰা হৈছে। এই উদ্যোগৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ নামত এটা ব্লগ সৃষ্টি কৰি নিজৰ পছন্দৰ বিষয়ত লেখা প্ৰকাশ কৰিব পাৰিব। এই ব্লগসমূহত তেওঁলোকে Wikimedia-ত কৰা কামৰ অভিজ্ঞতা, গৱেষণাৰ বিষয়, অসমীয়া ভাষা আৰু সাহিত্য, অসমৰ ইতিহাস আৰু সংস্কৃতি, লোকসংস্কৃতি, গ্ৰন্থ-পাঠ, অনুবাদ, digital humanities, ভাষা-প্ৰযুক্তি, Wikimedia-ৰ অভিজ্ঞতা অথবা নিজৰ academic interest-ৰ সৈতে জড়িত অন্যান্য বিষয়তো লিখিব পাৰিব।

এনে কামৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ digital identity, writing portfolio আৰু academic communication skill গঢ়ি তুলিব পাৰিব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰত কোনো এটা বিষয় সম্পৰ্কে চিন্তা কৰি সেই চিন্তাক সুসংগঠিতভাৱে লিখা, তথ্যসূত্ৰ ব্যৱহাৰ কৰা আৰু সাধাৰণ পাঠকৰ বাবে বোধগম্য ভাষাত বিষয় উপস্থাপন কৰাৰ অভ্যাসো গঢ় লৈ উঠিব।

এই প্ৰকল্প আৰম্ভ কৰা হৈছে ২০২৬ চনৰ জুলাই মাহৰ পৰা৷ প্ৰথম বৰ্ষত প্ৰায় ১৮ জন শিক্ষাৰ্থীয়ে এই প্ৰকল্পত অংশ গ্ৰহণ কৰিছে৷ তলত তেওঁলোকৰ পৰিচয় দিয়া হ’ল-

  • Dhiraj Nath    Blog      Wikimedia Profile


Important Links:

Gauhati University Wikipedia Education Initiative:

Department of Modern Indian Languages and Literary Studies, Gauhati University:

Gauhati University

Comments

Popular posts from this blog

ভূপেন্দ্ৰ ভূৱনঃ শতবৰ্ষৰ সোঁৱৰণ

Patra-Spandan | হেঁপাহৰ চিঠিখন